ব্ৰইলাৰ মাংস বিচাৰি হাবাথুৰি খাইছে এজন ৰূপালী পৰ্দাৰ অভিনেতাই। কোন এই গৰাকী অভিনেতা?

Shalin Bhanot

জনপ্ৰিয় চেনেল 'Colors'ত সম্প্ৰচাৰিত হোৱা 'বিগ বছ' সকলোৰে প্ৰিয়, বিশেষকৈ যুৱ-প্ৰজন্মৰ মাজত অতি চৰ্চিত এই অনুষ্ঠানটি। চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। প্ৰত্যেক ছিজনৰ দৰে এই ছিজনটিকো দৰ্শকে আদৰি লৈছে। প্ৰায়ে চৰ্চাত থকা ৰূপালী পৰ্দাৰ অভিনেতা শ্বলীন ভ'নটয়েও অংশ লৈছে 'বিগ বছ-১৬' ত।

Big Boss 16

এইবাৰৰ ছিজনত শ্বলীন ভ'নট এজন চৰ্চিত প্ৰতিযোগী। কিন্তু বৰ্তমান শ্বলীন ভ'নট চৰ্চিত হৈছে এটা বিশেষ কাৰণত। ব্ৰইলাৰ মাংস অভিনেতা জনৰ খুবেই প্ৰিয় আৰু শ্বলীনৰ কাৰণে মাংসৰ পৰিমাণ কম হোৱা বুলি অভিনেতাজনে আপত্তি দিয়ে বিগ বছৰ কৰ্তৃপক্ষলৈ। কিন্তু বিগ বছৰ মতে সকলো প্ৰতিযোগীলৈকে সমান পৰিমাণৰ মাংস প্ৰেৰণ কৰে কৰ্তৃপক্ষই। যোৱা কেইটামান দিন ধৰি মাংস বিচাৰি ঘনাই আপত্তি শ্বলীনৰ। শ্বলীনৰ এই কাণ্ড দেখি আন আন প্ৰতিযোগী সকলৰো উঠিছে খং । উল্লেখ্য যে ৰিয়েলিটি শ্ব' টোৰ ঘোষক ছুপাৰষ্টাৰ চলমান খানে শ্বলীন ভ'নটক এই কাণ্ডৰ বাবে উচিত শিক্ষা দিয়ে।
 

Category
Profile picture for user UB Photos