অসম আৰক্ষীৰ নাম উজ্বলালে এজন আৰক্ষী বিষয়াই,নিজৰ প্ৰাণলৈও ভ্ৰূক্ষেপ নকৰি জীৱন ৰক্ষা কৰিলে নৈত ডুবিব ধৰা লোকৰ

Assam Police

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ অ’চি সমৰজিৎ বসুমতাৰীয়ে লংগাই নদীত জাঁপ দি উদ্ধাৰ কৰে ডুবিব ধৰা এজন লোকক। ষট্ পূজা উপলক্ষে  ৩১ অক্টোবৰত কৰিমগঞ্জৰ লংগাই নদীৰ পাৰত ভিৰ কৰে অজস্ৰ জনে। ৰং আনন্দৰ মাজতেই কোনোবা এটা মুহূৰ্তত নদীত এজন লোক পৰি যায় কিন্তু অসম আৰক্ষীৰ এজন সাহসী বিষয়াই নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি জীৱন ৰক্ষা কৰিলে নৈত ডুবিব ধৰা এজন লোকৰ।

Karimganj

এই ঘটনাৰ পিছতে এতিয়া বিভিন্নজনে প্ৰশংসাৰে ওপচাই পেলাইছে আৰক্ষী বিষয়া সমৰজিৎ বসুমতাৰীক। অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙেও শলাগ লয় আৰক্ষী বিষয়াগৰাকীৰ। টুইটাৰত জি পি সিঙে সেই ঘটনাৰ ফটো আপলোড কৰি বিষয়াগৰাকীক প্ৰশংসা কৰে। তেওঁৰ এই স্বাৰ্থহীন সেৱা সমগ্ৰ অসম আৰক্ষীৰ বাবে গৌৰৱৰ নিদৰ্শন বুলি উল্লেখ কৰে জি পি সিঙে। 

Proud

DGP ভাস্কৰ জ্যোতি মহন্তয়ো আৰক্ষী বিষয়া গৰাকীক সম্বৰ্দ্ধনা জনায়।

Category
Profile picture for user UB Photos