তেজৰ নৈ ব'ল এটি সংগীতানুষ্ঠানত। বোমা বৰ্ষণত নিহত শিল্পী আৰু দৰ্শকসহ কমেও ৬০ জন লোক নিহত

Myanmar Acctack

জুণ্টা শাসিত ম্যানমাৰত এইবাৰ গীতৰ অনুষ্ঠান এটাত সেনাই বোমা বৰ্ষণ কৰাৰ ফলত ৬০ জন লোক নিহত হয়।সংগীতানুষ্ঠানটি কাচিনত অনুষ্ঠিত হৈছিল। হঠাতে, সেনাই বিমানেৰে আহি বোমা বৰ্ষণ আৰম্ভ কৰে।ম্যানমাৰৰ সামৰিক বাহিনীৰ এই আক্ৰমণত  ৬০ জন লোকৰ থিতাতে মৃত্যু ঘটে।। 

অনুষ্ঠানটো ম্যানমাৰৰ  সংখ্যালঘু সম্প্ৰদায়ৰ এটা সংগঠনে আয়োজন কৰিছিল। সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে অনুষেঠানটোৰ আয়োজন কৰা হৈছিল।  কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি সলনি হৈ পৰে। সেনাৰ বোমা বৰ্ষণত মঞ্চত তেজৰ নৈ  বৈ গৈছিল।ম্যানমাৰৰ জুন্টা চৰকাৰৰ সেনাই দেওবাৰে কাচিনত চলোৱা আক্ৰমণটোৰ কথা স্বীকাৰ কৰিছে।

কাচিন হৈছে ম্যানমাৰৰ উত্তৰ দিশত থকা  ৰাজ্য। দেশৰ সংখ্যালঘু সম্প্ৰদায় আৰু মূল কাচিনৰ লোকসকল এই ৰাজ্যত বাস কৰে। অনুষ্ঠানটো  চৰকাৰ বিৰোধী বিদ্ৰোহী সংগঠন কাচিন ইণ্ডিপেণ্ডেঞ্চ অৰ্গেনাইজেচন (কেআইঅ')ৰ দ্বাৰা আয়োজিত কৰা হৈছিল। ম্যানমাৰৰ সামৰিক নিয়ন্ত্ৰিত জুন্টাৰ বিৰুদ্ধে  এই গোটটোৱে সদায়  মাত মাতি আহিছে। সংগঠনটোৰ সদস্যসকলে দেওবাৰে ইয়াৰ ৬২ তম প্ৰতিষ্ঠা বাৰ্ষিকী উদযাপন কৰিছিল। তাতেই সেনাই আক্ৰমণ চলায়। কাচিনৰ শিল্পী সম্প্ৰদায়ৰ এজন মুখপাত্ৰই কয় যে অনুষ্ঠানটোত প্ৰায় ৩০০-৫০০ লোক সমবেত হৈছিল।  নিশা প্ৰায় ৮ বজাত সেনাই  বোমা নিক্ষেপ কৰে।

Category
Profile picture for user UB Photos