চৌদিশে বিৰাটৰ জ্বৰ! বিৰাটৰ উপহাৰেৰে ধুমধামেৰে দেৱালী উদষাপন দেশবাসীৰ

Kohli's Destructive innings

T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেললৈ এতিয়াও বহুত বাকী৷ কিন্তু কালিয়েই যেন হৈ গ’ল বিশ্বকাপৰ ফাইনেল৷ মেলবৰ্ণত বিৰাট কোহলীৰ বিক্ৰমেৰে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰিলে ভাৰতে ৷ কোহলীৰ ৮২ ৰানৰ ইনিংছ এতিয়া বিশ্বজুৰি ক্ৰিকেট প্ৰেমীৰ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ICC,BCCI কৰ্তৃপক্ষৰ লগতে প্ৰাক্তন তাৰকা, চেলিব্ৰেটি আৰু অগণন ক্ৰিকেট প্ৰেমী কোহলীৰ এই ইনিংছ দেখি হতবাক৷ প্ৰশংসা কৰিবলৈ যেন এতিয়া ভাষাৰ অভাৱ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শুভেচ্ছা জনাইছে কোহলীক৷ক্ৰিকেটৰ ভগৱান শচীন তেন্দুলকাৰে কোহলীৰ এই ইনিংছক শ্ৰেষ্ঠ ইনিংছ আখ্যা দিছে ৷ মুঠতে বিৰাটৰ প্ৰশংসাত পঞ্চমুখ সকলো।

Category
Profile picture for user UB Photos