ভুলতো ঘৰত নাৰাখিব এই ৫বিধ উদ্ভিদ, নহ'লে চিৰদিনৰ বাবে সুখ সমৃদ্ধি হেৰাই যাব আপোনাৰ ঘৰৰ পৰা!

don't plant this unlucky plant in home

গছ-গছনিৰে ভৰপূৰ সেউজীয়া পৰিৱেশ সকলোৰে প্ৰিয়। আজিকালি প্ৰায় সকলো লোকেই ঘৰৰ বাহিৰ ভিতৰ সকলোতে ৰোৱে বিভিন্নধৰণৰ উদ্ভিদ। গছপুলি ৰোপণ কৰিলে কেৱল ঘৰৰ সৌন্দৰ্য বৃদ্ধি হোৱাই নহয় বৃদ্ধি হয় ইতিবাচক শক্তিও। কিন্তু বাস্তু শাস্ত্ৰ অনুসৰি, যদি কোনো এখন ঘৰত বাস্তু দোষ থাকে, তেন্তে ই জীৱনত বেয়া প্ৰভাৱ পেলায়। বাস্তু দোষ আঁতৰাবলৈ ঘৰত ৰাখিব নালাগে কেটবোৰ সামগ্ৰী। বাস্তু শাস্ত্ৰ বিশেষজ্ঞসকলৰ মতে, সকলো ধৰণৰ উদ্ভিদ ঘৰত ৰাখিব নালাগে।

 

 

কিছুমান উদ্ভিদ আছে যিবোৰ ঘৰত ৰখাৰ লগে লগে সমগ্ৰ ঘৰখনতে বিৰাজ কৰে নেতিবাচক শক্তিয়ে লগতে আৰম্ভ হয় বেয়া দিনৰ। গতিকে ঘৰটো ধুনীয়া কৰিবলৈ কেতিয়াও ভুল উদ্ভিদ ৰোপণ নকৰিব। কোনবোৰ উদ্ভিদ ঘৰত ৰাখিবলৈ অশুভ বুলি গণ্য কৰা হয় আহক। বিশেষকৈ ঘৰৰ ভিতৰত কেতিয়াও কাঁইটীয়া গছবোৰ ৰাখিব নালাগে।  কাঁইটীয়া গছ ৰখাৰ ফলত সম্পৰ্কত আৰম্ভ হয় তিক্ততাৰ। লগতে পৰিয়ালৰ সদস্যসকলৰ মাজতো বৃদ্ধি হয় দূৰত্বৰ। ঘৰত ৰুৱ নালাগে এইসমূহ গছ। যেনে, 

 

১.নেমু গছ: বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰত নেমু গছ ৰখাটো অশুভ বুলি গণ্য কৰা হয়। ই ঘৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে পৰিয়ালৰ সদস্যসকলৰ মাজতো বৃদ্ধি কৰে দূৰত্বৰ। যৰফলত সম্পৰ্কৰ অৱনতি হ'বলৈ আৰম্ভ কৰে।

২.তেতেঁলী গছ: বাস্তু শাস্ত্ৰৰ মতে, কেতিয়াও তেতেঁলী গছ ঘৰত ৰুৱ নালাগে। ই ঘৰখনত নেতিবাচকতা বৃদ্ধি কৰে। খালী মাটিত যদি তেতেঁলী গছ থাকে, তেনেহ'লে এনে ঠাইত ঘৰ নিৰ্মাণ কৰাটোও এৰাই চলিব লাগে।

৩.আমলখি গছ: বাস্তু শাস্ত্ৰৰ মতে, ঘৰ বা চোতালত কেতিয়াও আমলখি গছ ৰোপণ কৰিব নালাগে। আমলখি গছে ঘৰৰ সুখ আৰু সমৃদ্ধিৰ ওপৰত বেয়া প্ৰভাৱ পেলাই।

৪.বনচাই: আজিকালি প্ৰায় বহুতৰে ঘৰত বনচাই উদ্ভিদ পোৱা যায়। কিন্তু বাস্তু শাস্ত্ৰৰ মতে, ঘৰত বনচাই ৰাখিলে কামত বাধা আহে। লগতে অৰ্থনৈতিক প্ৰগতিও প্ৰভাৱিত হয়।

Category
Profile picture for user UB Photos