"বিহুৰ দৰে পূজাতো কোনেও তুলিব নোৱাৰিব চান্দা"- মুখ্যমন্ত্ৰী শৰ্মা

Himanta Biswa Sarma

বিহুৰ দৰে পূজাতো কোনেও তুলিব নোৱাৰিব চান্দা। পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়।

চান্দা তোলাৰ বিৰোধিতা কৰি অহা ৰাজ্য চৰকাৰে বিহুৰ সময়ৰ দৰে দুৰ্গা পূজাৰ সময়তো চান্দা তোলা কাৰ্যৰ পৰা বিৰত থকাৰ অনুৰোধ জনাইছে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টযোগে এই অনুৰোধ কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ফেচবুক পোষ্টত উল্লেখ কৰিছে যে – ”এই পূজাৰ বতৰত সকলোকে চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়। সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক।”

Category