চিত্ৰগৃহত বহু প্ৰতীক্ষিত অসমীয়া ছবি ব্ৰীজ, অহা ৩০ চেপ্তেম্বৰত মুক্তি লাভ কৰিব ছবিখনে

bridge

চিত্ৰগৃহত বহু প্ৰতীক্ষিত অসমীয়া ছবি ব্ৰীজ। অহা ৩০ চেপ্তেম্বৰত অসমৰ কেইবাটাও চিত্ৰগৃহত মুক্তি লাভ কৰিব অসমীয়া ছবি ব্ৰীজে।

 

ইতিমধ্যে ছবিখনে দেশে বিদেশে বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক সমালোচকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ৫১ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(IFFI)ত বঁটা লাভ কৰে। IFFI ত বঁটা লাভ কৰা অসমৰ প্ৰথম আৰু একমাত্ৰ ছবিখনেই হৈছে ব্ৰীজ। ছবিখনে ইতিমধ্যে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটাও লাভ কৰে।

 

FIPRESCI ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰতো স্হান লাভ কৰে ছবিখনে। শেহতীয়াকৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চিত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA) ৰাছিয়ান-ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতাই শ্ৰেষ্ঠ নবাগত পৰিচালকৰ সন্মান আৰু চিনেমাখনৰ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। লগতে ছবিখনৰ মূল অভিনেত্ৰী শিৱাৰানী কলিতাই তিনিটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু পৰিচালক কৃপাল কলিতাই দুটাকৈ শ্ৰেষ্ঠ নৱাগতা পৰিচালকৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত অৱতীৰ্ণ হৈছে ব্ৰীজ ।

 

কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে আৰু ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত নিৰ্মিত পূৰ্ণদৈঘ্যৰ চলচ্চিত্ৰ ব্ৰীজে ইতিমধ্যে ৩৮ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ লগতে ১৬ সংখ্যক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে। এতিয়ালৈকে ছবিখনে ১৯ টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

 

ব্ৰীজৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰীজৰ সম্পাদনা কিশোৰ ডেকা প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিনী কুমাৰ ডেকা, কলা নিৰ্দেশনা দ্বীপেন চুতীয়া, চিংক চাউণ্ড মাধব দাস আৰু গুনজিৎ শৰ্মাৰ। ছাউণ্ড ডিজাইন আৰু মিক্সীং অমৃত প্ৰীতম, ডি আই ৰাজেশ য়াদব, কলা নিৰ্দেশনা দ্বিপেন চুতীয়া। ব্ৰীজৰ চৰিত্ৰসমূহত অভিনয় কৰিছে শিৱা ৰানী কলিতা, অনিন্দিতা দাস, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, সুৰেন মহন্ত, ৰীনা বৰা, ৰোহিনী কুমাৰ ডেকা, দ্বিপেন চুতীয়া, ধনজিৎ শৰ্মা, শচিন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস ,ৰাজু ভৰালী আদি বহু শিল্পীয়ে। ছবিখনৰ সহকাৰী পৰিচালক দ্বয় প্ৰিয়াঞ্চি কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ।

 

শুভমুক্তিৰ পূৰ্বে আজি জ্যোতিচিত্ৰবনৰ ৰূদ্ৰবৰুৱা প্ৰেক্ষাগৃহত ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। আৰম্ভণিতে বিশিষ্ঠ অভিনেত্ৰী মলয়া গোস্বামী, মৃদুলা বৰূৱা, গায়িকা মালৱিকা বৰা, জ্যেষ্ঠ চিত্ৰ সাংবাদিক অৰূণলোচন দাস, জ্যোতিচিত্ৰবনৰ অধ্যক্ষ্ বিদ্যা সাগৰ আৰু বহু বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।

Category
Profile picture for user UB Photos