কৰম পূজাত লাগিল অঘটন! বেলুনত ভৰোৱা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃ্ত্যু এজনৰ

gas balloon

বেলুনত ভৰোৱা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ যুৱকৰ কৰুণ মৃত্যু, আহত হয় আন তিনিজন লোক।

মৃত যুৱকজন ২১ বছৰীয়া বীৰবল ৰায়, বীৰবলৰ ঘৰ পুৰণি বঙাইগাঁৱত। ঘটনা সংঘটিত হোৱাৰ পিছতেই যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

কৰম পূজাৰ অনুষ্ঠান চলি থকাৰ সময়তেই বেলুনত ভৰোৱা গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে, পূজাস্থলীত সেই সময়ত চলি আছিল সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী। সাংস্কৃতিক মঞ্চৰ পৰা কিছু আঁতৰত হয় বিস্ফোৰণটো, সাংস্কৃতিক সন্ধিয়াত উপস্থিত আছিল কেইবা শতাধিক দৰ্শক।

বৰ্তমান ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Category
Profile picture for user UB Photos