শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্তেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্তেম্বৰত বন্ধ ঘোষণা

Madhavdev

অসম চৰকাৰে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰত "শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি"ৰ বাবে ৰাজ্য়ত বন্ধ ঘোষণা কৰিছে।

পূৰ্বৰ অধিসূচনাত এই সীমিত বন্ধটি ১৪ ছেপ্তেম্বৰত দিয়া হৈছিল।

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল।

তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।

Category
Profile picture for user UB Photos