NEDFIৰ ২৭তম প্ৰতিষ্ঠা দিৱসত চৰকাৰে আগবঢ়ালে ১০০ কোটি টকা..

Himu mama

আজি দিছপুৰত NEDFIৰ সফলতাৰ ২৭তম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে সুকলমে পালন কৰা হয়।

হিমন্ত

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাজ্য়ৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানতে NEDFI Micro Lending আঁচনি, মোবাইল এপ আৰু NEDFI Haatৰ এটি ৱেবছাইটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

nedfi

NEDFI Micro Lending আঁচনিৰ যোগেদি ৫০০ৰো অধিক হিতাধিকাৰী উপকৃত হৈছে। আজিৰ এই অনুষ্ঠানটোতে কেইবাগৰাকীও হিতাধিকাৰীক প্ৰদান কৰা হয় চেক। একেটা অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলক Handloom School Uniformও বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

cheque

আনহাতে NEDFiৰ কাম-কাজ দেখি সন্তোষ প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ স্মৰণীয় দিনটোতে বিভাগটোক ১০০ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

HIMU

ইফালে অগ্নিবীৰ আঁচনিৰ আবেদনকাৰীসকলৰ বাবে এক প্ৰশিক্ষণ শিবিৰ ভিডিঅ' কনফাৰেন্সযোগে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

Category
Profile picture for user UB Photos