প্ৰাক্তন মন্ত্ৰী অধেন্দ্ৰু দে'ৰ দেহাৱসান!

Adhendu Dey

অসমৰ প্ৰাক্তন মন্ত্ৰী অধেন্দ্ৰু কুমাৰ দে'ৰ বুধবাৰে ৮৪ বছৰ বয়সত গুৱাহাটীত মৃত্যু হয়। 

সূত্ৰঅনুসৰি, অধেন্দ্ৰু দে'ক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কৰ্কট ৰোগৰ বাবে চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।

উল্লেখ্য় যে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল অধেন্দ্ৰু কুমাৰ দে' য়ে।

ইয়াৰ আগতে, তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাই সমষ্টিৰ পৰা অসম বিধান সভা নিৰ্বাচনত আইএনচিৰ সদস্য হিচাপে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

২০২১ চনৰ এপ্ৰিল মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

অধেন্দ্ৰু কুমাৰ দেই জলসিঞ্চন আৰু মাটি সংৰক্ষণ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Category
Profile picture for user UB Photos