হঠাৎ চিটীবাছ শূন্য হৈ পৰিল গুৱাহাটী মহানগৰী, বাছ আস্থানত বহুযাত্ৰীৰ ভিৰ

City Bus

আকৌ আজি হঠাৎ প্ৰায় চিটীবাছ শূন্য হৈ পৰিল গুৱাহাটী মহানগৰী।

পুৱাৰ ভাগৰ পৰাই মহানগৰীৰ ৰাজপথত দেখা নগ'ল চিটী বাছৰ চলাচল। দুই এখন চিটী বাছৰ বাহিৰে চলিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাত্ৰ কেইখনমান বাছ।

প্ৰতিদিনৰ দৰেই যাত্ৰীসমূহে গন্তব্য স্থানলৈ যাবলৈ প্ৰচণ্ড গৰমৰ মাজত দীৰ্ঘসময় অপেক্ষা কৰি ৰৈ থাকিব লগা হ'ল বাছ আস্থানত।

আচলতে, পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ চিটীবাছ চালকৰ। বাছৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চালকসকলে। গুৱাহাটী মহানগৰীৰ বশিষ্ঠ মন্দিৰত চালকসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ।

উল্লেখ্য় যে ‘পৰিবহন বিভাগ হাই হাই’ ধ্বনিৰে উত্তাল হৈ পৰিল বশিষ্ঠ মন্দিৰৰ বাছ আস্থান। পৰিবহণ বিভাগৰ মইমতালিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে চিটী বাছ চালকে। চালকসকলৰ অভিযোগ, চিটীবাছৰ বাবে নাই নিৰ্ধাৰিত ষ্টপেজ, যাত্ৰীৰ বাবে নাই জিৰণি চ’ৰা। পুৰণা ষ্টপেজত বাছ ৰাখিলেই ভৰিব লাগে বৃহৎ পৰিমাণৰ জৰিমনা। চৰকাৰে যাত্ৰীৰ বাবে নিৰ্দিষ্ট স্থানত কিয় নিৰ্মাণ নকৰে জিৰণি চ’ৰা? চিটী বাছ ৰখা স্থানত অন্যান্য বাহন ৰখোৱাত কিয় বাধা নিদিয়ে যান বাহন আৰক্ষীয়ে? – এই প্ৰশ্ন চালকসকলৰ।

Category
Profile picture for user UB Photos