জিৰ’ত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে, ফুৰিবলৈ গৈ মৃত্যুক সাবটিলে ৪ সুঠাম যুৱকে…

Assam Boy Death

অৰুণাচলৰ জিৰ’ত অঘটন। ফুৰিবলৈ গৈ প্ৰাণ হেৰুৱালে অসমৰ ৪ যুৱকে। তিনিদিনৰ মূৰত অৱশেষত সন্ধান ওলাল অসমৰ যুৱকৰ।

১৯ জুলাইত ফুৰিবৰ বাবে অৰুণাচললৈ গৈছিল নগাঁৱৰ ৪জন যুৱক। কিন্তু দুৰ্ভাগ্যবশতঃ জিৰ’ পইণ্টৰ পৰা ২০০ ফুট তলত পৰেগৈ যুৱককেইজনৰ বাহনখন। দিৰাং পাহাৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ক্ৰমে নয়ন বসুমতাৰী, বেদান্ত, সোণাপুৰৰ হিৰক বড়ো আৰু ৰঙাপাৰাৰ সঞ্জীৱ দাসৰ।

উল্লেখ্য যে, ১৯ জুলাই, মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱককেইজন। দিৰাং পাহাৰত উদ্ধাৰ কৰা যুৱককেইজনৰ মৃতদেহৰ সমীপতে পোৱা গৈছে যুৱককেইজনে চলাই যোৱা বাহনখন।

Category
Profile picture for user UB Photos