উত্তৰ-পূবত য়েল' এলাৰ্ট জাৰি; পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা!

lightly Rain

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সমগ্ৰ উত্তৰ-পূবত অহা তিনিদিনৰ ভিতৰত বৰষুণৰ কাৰ্যকলাপ বৃদ্ধি হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।

জানিব পৰা মতে উত্তৰ উৰিষ্যা আৰু চুবুৰীয়া অঞ্চলত এটা নিম্ন চাপৰ এলেকা অৱস্থিত আৰু ইয়াৰ সৈতে সম্পৰ্কিত ঘূৰ্ণীবতাহৰ সঞ্চালন সাগৰ পৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। ১৮-২১ জুলাই, ২০২২তাৰিখে বংগোপসাগৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ শক্তিশালী নিম্ন-স্তৰৰ দক্ষিণ-পশ্চিমবতাহৰ ফলত আৰ্দ্ৰতা আক্ৰমণ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ প্ৰভাৱত, উত্তৰ-পূবৰ ৰাজ্যবোৰত বিজুলি/ধেৰেকনি প্ৰবলৰ পৰা অতি প্ৰচুৰ বৰষুণ হোৱাৰ ব্যাপক সম্ভাৱনা আছে।

Category
Profile picture for user UB Photos