মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেই নাপাব আনন্দৰাম বৰুৱা বঁটা!

ARBAS

প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলেই ছাত্ৰ-ছাত্ৰীয়ে নাপাব আনন্দৰাম বৰুৱা বঁটা।

এতিয়াৰে পৰা আনন্দৰাম বৰুৱা বঁটা পাবলৈ লাভ কৰিব লাগিব ষ্টাৰ অথবা ডিষ্টিংশ্যন নম্বৰ। জিলা পৰিদৰ্শক বিষয়ালৈ প্ৰেৰণ কৰা জাননীত স্পষ্ট হৈছে এই কথা। ৭৫ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়েহে এই বঁটাৰ বাবে যোগ্য বিবেচিত হ’ব।

উল্লেখযোগ্য যে পূৰ্বে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল আনন্দৰাম বৰুৱা বঁটা। ৬০ শতাংশ বা তাৰ অধিক নম্বৰ লাভ কৰা সকলো শিক্ষাৰ্থীয়ে লাভ কৰিছিল এই বঁটা।

Category
Profile picture for user UB Photos