চেলফী মাৰিবলৈ গৈ জীৱন হেৰুৱালে বকতাৰ যুৱতীয়ে...

চেলফী মাৰিবলৈ গৈ জীৱন হেৰুৱালে বকতাৰ যুৱতীয়ে...

সোমবাৰে বিয়লি সংঘটিত এক হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোক জোকাৰি গৈছে।

বকতা বৰপিয়াল হাবি গাঁৱত অঘটন। জানিব পৰা মতে, গাঁওখনৰ বাসিন্দা ধীৰেণ ফুকন আৰু প্ৰবৃতি ফুকনৰ কনিষ্ঠা কন্যা তথা নাজিৰাৰ স্বৰাজ একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থী কৃষ্ণাক্ষী ফুকনে লগৰ আন দুগৰাকী বান্ধৱীৰে সৈতে গাঁৱৰ মাজৰ পথাৰত থকা এটা দ পুখুৰীৰ পাৰত ঠিয় হৈ চেলফী মাৰিবলৈ লওঁতে অকস্মাতে ভৰি পিছলি গৈ তিনিও গৰাকী পুখুৰীত পৰি যায়। ইয়াৰে দুগৰাকী পাৰলৈ উঠি আহিবলৈ সক্ষম হয় যদিও কৃষ্ণাক্ষী গভীৰ পানীত ডুব যায়।

ঘটনাৰ সময়ত আন কোনো লোক উপস্থিত নথকাত আত্মৰক্ষাৰ বাবে ছোৱালী কেইগৰাকীয়ে চিঞৰিছিল যদিও উদ্ধাৰ কৰিব পৰা নগ'ল।

পিছত গাঁৱৰ লোক গৈ কৃষ্ণাক্ষীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাটোৱে সমগ্ৰ গাঁওখনৰ লগতে বকতা অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

Category
Profile picture for user UB Photos