পাটিয়ালা আদালতত আত্মসমৰ্পণ নৱজোৎ সিং সিদ্ধুৰ, এবছৰ কটাব লাগিব কাৰাগাৰত

Sidhu

উচ্চতম ন্যায়ালয়ে ৩৪ বছৰ পুৰণি ৰোড ৰেজ গোচৰত তেওঁক এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ পিছত নৱজ্যোত সিং সিদ্ধুৱে আজি পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰে।

ইয়াৰ পিছত, তেওঁক চিকিৎসাৰ বাবে মাতা কৌশল্যা চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক পাটিয়ালা কাৰাগাৰলৈ লৈ যোৱা হয়।

Navjot Singh Sidhu

উল্লেখ্য় যে, মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত নৱজোৎ সিং সিদ্ধুৱে আত্মসমৰ্পণ কৰা বুলি সিদ্ধুৰ মিডিয়া উপদেষ্টা সুৰিন্দৰ দল্লাই জানিবলৈ দিয়ে। তেওঁৰ স্বাস্থ্য পৰীক্ষা আৰু অন্যান্য আইনী প্ৰক্ৰিয়াসমূহ চলি আছে। ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত নৱজোৎ সিং সিদ্ধুৰ ৬৫ বছৰীয়া গুৰনাম সিঙৰ সৈতে পাতিয়ালাত গাড়ী ৰখাই থোৱাক লৈ কাজিয়া হৈছিল। সিদ্ধুৱে তেওঁক ঘোচা মাৰিছিল, পিছত গুৰনাম সিঙৰ মৃত্যু হৈছিল। এই গোচৰত উচ্চতম ন্যায়ালয়ে সিদ্ধুক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

Category
Profile picture for user UB Photos