উচ্চতম ন্যায়ালয়ে ৩৪ বছৰ পুৰণি ৰোড ৰেজ গোচৰত তেওঁক এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ পিছত নৱজ্যোত সিং সিদ্ধুৱে আজি পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰে।
ইয়াৰ পিছত, তেওঁক চিকিৎসাৰ বাবে মাতা কৌশল্যা চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক পাটিয়ালা কাৰাগাৰলৈ লৈ যোৱা হয়।
