৭৫তম কান চলচ্চিত্ৰ মহোৎসৱত ভাৰত ‘সন্মানৰ দেশ’! আনন্দিত প্ৰধানমন্ত্ৰী মোদী…

Narendra Modi

ফ্ৰান্সত ৭৫তম কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ত অংশ লৈছে ভাৰতীয় বিভিন্ন প্ৰতিনিধি দল আৰু শিল্পীয়ে৷ ভাৰতে এইবাৰ এই মহোৎসৱত ‘সন্মানৰ দেশ’ হিচাপে অন্তৰ্ভুক্ত হৈছে। তাৰ বাবে আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

এক বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, এফালে ভাৰত আৰু ফ্ৰান্সে ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্ক উদযাপন কৰিছে আৰু আনহাতে কান চলচ্চিত্ৰ মহোৎসৱে ইয়াৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিছে।

‘ভাৰতত কাহিনীৰ অভাৱ নাই’ -প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ বাৰ্তাত ভাৰতক বিশ্বৰ চলচ্চিত্ৰ কেন্দ্ৰ হিচাপে বৰ্ণনা কৰিছে৷ তেওঁ লগতে কয় যে, “ভাৰতৰ ওচৰত কাহিনীৰ ভঁৰাল আছে। আমাৰ দেশত বহু সমলৰ ক্ষেত্ৰ আছে”।

তাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোডীয়ে আনন্দ প্ৰকাশ কৰে যে, বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ কাল্ট ক্লাছিক সংগ্ৰহ কান মহোৎসৱত প্ৰদৰ্শিত হৈছে। তেওঁ মত প্ৰকাশ কৰিছে যে ই ভাৰতীয় চলচ্চিত্ৰক আন্তঃৰাষ্ট্ৰীয় অংশীদাৰীত্বৰ ক্ষেত্ৰত আগবঢ়াই নিব।

Category
Profile picture for user UB Photos