প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এজি পেৰাৰিভালনক আজি ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে।
বিগত ৩১ বছৰ ধৰি কাৰাবন্দী হৈ আছিল পেৰাৰিভালন। পেৰাৰিভালনে নিজৰ মুক্তিত হোৱা বিলম্বক লৈ উচ্চতম ন্যায়ালয়ত আৰ্জি দাখিল কৰিছিল।
২০১৮ চনত তামিলনাডু চৰকাৰে তেওঁক মুকলি কৰি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ পিছতে এই গোচৰটো আইনী মেৰপেঁচত বন্দী হৈ ৰৈছিল।
উল্লেখযোগ্য যে ১৯৯১ চনৰ ২১ মে’ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক তামিলনাডুৰ শ্ৰীপেৰম্বুদুৰত এক জনসভাৰ সময়ত হত্যা কৰা হৈছিল। ইয়াৰ পিছত ১১ জুন ১৯৯১ত পেৰাৰিভালনক গ্ৰেপ্তাৰ কৰা হৈছিল।
ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গৱাইৰ বিচাৰপীঠে কয় যে তামিলনাডু ৰাজ্যিক কেবিনেটে নিজৰ দৃষ্টিত পেৰাৰিভালনক ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে।
এইখিনিতে মন কৰিবলগীয়া যে পেৰাৰিভালনক ১৯৯৮ চনত টাডা ক’ৰ্টে মৃত্যুৰ ৰায়দান দিছিল।
পিছত তেওঁ শাস্তিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। ১৯৯৯ চনত উচ্চতম ন্যায়ালয়ে শাস্তি বাহাল ৰখাৰ নিৰ্দেশ দিয়ে যদিও ২০১৪ চনত এই মৃত্যুৰ ৰায়ক আজীৱন কাৰাবাসৰ শাস্তিলৈ সলনি কৰে।
- Log in to post comments