১২ ঘন্টাত ২টাকৈ ডাঙৰ বোমা বিস্ফোৰণে কপাইছে মণিপুৰ!

Bomb Blast

শুকুৰবাৰে পুৱতি নিশা ইম্ফল পূবৰ খুৰাইত এটা শক্তিশালী বোমা বিস্ফোৰণে সমগ্ৰ চহৰখন জোকাৰি গৈছে।

খবৰ অনুসৰি পুৱা প্ৰায় ৩:১৫ বজাত খুৰাই থইডিংজাম লেইকাইত অৱস্থিত আৰ কে বীৰেন্দ্ৰৰ চোতালত বিস্ফোৰণটো সংঘটিত হয়।

উল্লেখ্য় যে বিগত ১২ ঘণ্টাৰ ভিতৰত মণিপুৰত এইটো দ্বিতীয়টো বিস্ফোৰণ।

অৱশ্য়ে এই বিস্ফোৰণৰ আৰত কোন আছে সেইয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা ইম্ফলৰ নাগামাপালত এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বুলি সন্দেহ কৰা এক শক্তিশালী বিস্ফোৰণৰ খবৰ পোৱা গৈছিল। ঘটনাটোৰ সময়ত কোনো আঘাত বা হতাহতহোৱাৰ খবৰ পোৱা হোৱা নাছিল।

আৰক্ষীৰ মতে, পুৱা প্ৰায় ৩ বজাত ইম্ফল আৰক্ষী থানাৰ অন্তৰ্গত নাগামাপাল লামাবান লেইকাইৰ এখন স্পেয়াৰ পাৰ্টছ দোকানৰ সন্মুখত এই বিস্ফোৰণ সংঘটিত হয়। 

Category
Profile picture for user UB Photos