দোষীক উচিত শাস্তি! নাবালিকাক ধৰ্ষণ আৰু হত্যা কৰাৰ বাবে আজীৱন কাৰাদণ্ড প্ৰদান

life imprisonment

বিশেষ পকচোৰ ন্যায়াধীশ (যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন), শুভ্ৰাংশু ধৰে ২০১৮ বৰ্ষত এগৰাকী নাবালিকা আদিবাসী ছোৱালীক ধৰ্ষণ আৰু হত্যা কৰাৰ বাবে শ্ৰীনুছ ওৰাং ওৰফে কালু মুণ্ডাক আজীৱন কাৰাদণ্ডৰ বাবে ৰায় প্ৰদান কৰে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ধৰ্ষণৰ বলি হোৱা গৰাকীৰ অধিবক্তা সঞ্জয় শৰ্মাই জনায় যে বিশেষ পকচো ন্যায়াধীশ শুভ্ৰংশু ধৰে শ্ৰীনুছ ওৰাং ওৰফে কালু মুণ্ডাক ২০১৮ চনত কৰা অপৰাধৰ বাবে আজীৱন কাৰাদণ্ড প্ৰদান কৰে।

গোৱালপাৰাৰ বিশেষ আদালতে ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত কালু মুণ্ডাক ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৩০২, ৩৭৬ (এবি), পকচো আইনৰ আৰ/ডব্লিউ ধাৰা ৬ৰ অধীনত অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিছে বুলি অধিবক্তাজনে কয়।

লক্ষণীয়ভাৱে, কালুৱে ৬বছৰীয়া নাবালিকা আদিবাসী ছোৱালীজনীক ডিঙিত টাৱেল মেৰিয়াই ধৰ্ষণ কৰি হত্যা কৰিছিল।

ঘটনাটোৰ পিছত অপৰাধীজনে চাৰি বছৰৰ বাবে কাৰাবাস খাটিছিল।

গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত চিমলিটোলা চাহ বাগিচাত এই জঘন্য ঘটনাটো সংঘটিত হৈছিল।

Category
Profile picture for user UB Photos