শিৱসাগৰত পুনৰ সক্ৰিয় হানি ট্ৰেপিং চক্ৰ! আৰক্ষীৰ জালত দুজন ব্যবসায়ী

Honey Trapping

শিৱসাগৰ আৰক্ষীৰ জালত ধৃত হানিট্ৰেপাৰ।

শিৱসাগৰ জিলাৰ এজন ব্যৱসায়ীক হানিট্ৰেপিং ৰেকেটৰ দ্বাৰা লাখ লাখ টকাৰ প্ৰতাৰিত কৰা হৈছে। অৱশ্যে বুধবাৰে আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰে।

ভুক্তভোগীয়ে অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীয়ে দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসক গ্ৰেপ্তাৰ কৰে। অৱশ্য়ে, বৰ্তমানেও পলাতক হানিট্ৰেপিংৰ মাষ্টাৰ মাইণ্ড চাবিনা বেগম আৰু ৰুবুল আলি।

উল্লেখ্য় যে, অঞ্জন কুমাৰ ৰয় নামৰ এজন যুৱকক জালত পেলাইছিল চক্ৰটোৱে। ১৯/১২/২১ তাৰিখে অঞ্জন ৰয়ক বলপূৰ্বকভাৱে কাপোৰ খুলাই চাবিনা বেগমৰ লগত আৰু অমৰদ্বীপ দাস, দিপাঙ্কৰ দাস আৰু ৰুবুল আলিয়ে ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰি পাছত ধন দাবী কৰিছিল যুৱকজনক।

হানিট্ৰেপিং চক্ৰটোৱে অঞ্জন কুমাৰ ৰয়ৰ পৰা ২২/৪/২০২২ তাৰিখে শিৱসাগৰৰ মানকটা আলিত ৪ লাখ টকা সৰকাই। তাৰ পাছটো অধিক টকা দাবী কৰাত উপান্তয়ৰ হৈ অঞ্জন কুমাৰ ৰয়ৰ শিৱসাগৰ সদৰ থানাত ৩ মে'ত এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত চাবিনা বেগম, ৰুবুল আলি দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসৰ বিৰোদ্ধে CASE NO:197/22 u/s 120b 387 323 506ipc ধাৰাত গোচৰ ৰুজু কৰে। 

শিৱসাগৰ আৰক্ষীয়ে অমৰদ্বীপক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে দিপাঙ্কৰ দাসক চাৰিদিনৰ আৰক্ষী জিম্মাত লয়।

Category
Profile picture for user UB Photos