আজিৰে পৰা আৰম্ভ বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা

barpeta cancer hospital

বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ ৷

আজি বৰপেটা কেঞ্চাৰ হাস্পতালত আৰম্ভ কৰা হৈছে বৰ্হিঃবিভাগ ৷ ইতিমধ্যে আজি পুৱাই ৫০ গৰাকী কৰ্কট আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ বাবে উপস্থিত হৈছে বৰপেটা কেঞ্চাৰ হাস্পতালত ৷

আজি পুৱা বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অধীক্ষক হাস্পতালখনত উপস্থিত হয় ৷

বৰপেটা, নলবাৰী, বাক্সা, বঙাইগাঁৱকে ধৰি নামনিৰ ৭খন জিলাৰ ৰোগীয়ে বৰপেটা কেঞ্চাৰ হাস্পতালত চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ৷

সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মানৰ আৰু উন্নত সা-সুবিধাযুক্ত হাস্পতালখনত ৰোগীয়ে কেম', ৰেডিয়েছন আদিৰ সুবিধা লাভ কৰিব ৷ ইতিমধ্যে সকলো ধৰণৰ উন্নতমানৰ আৰু আধুনিক যন্ত্ৰপাতি স্থাপন কৰা হৈছে আৰু লেব'ৰেটৰীসমূহৰ কামো আৰম্ভ কৰা হৈছে ৷

উল্লেখ্য যে, উত্তৰ পূবৰ ভিতৰত বৰপেটা জিলাৰ কৰ্কট ৰোগে ভয়াৱহ ৰূপ লৈছে ৷

নৱনিৰ্মিত হাস্পতালখনে এইক্ষেত্ৰত নিশ্চয়কৈ জিলাখনৰ লগতে আন ৰোগীসকলকো সকাহ প্ৰদান কৰিব ৷

Category
Profile picture for user UB Photos