IPLৰ নামত বৃহৎ জুৱাৰ আড্ডা, আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী!

IPL Betting

সোণাৰিত IPLৰ নামত বৃহৎ জুৱাৰ আড্ডা। আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।

চফ্ৰাই আৰক্ষীৰ অভিযানত ধৰা পৰিল চৰাইদেউ আৰু যোৰহাট জিলাৰ মৰিয়নিৰ মুঠ সাতজন জুৱাৰী। 

ইয়াৰে চৰাইদেউ জিলাৰ চাৰিজন আৰু মৰিয়নিৰ তিনিজন জুৱাৰী।

যোৰহাট জিলাৰ মৰিয়নিৰ সুৰেন চাহু, অজয় কালিন্দী, ভোগেশ্বৰ ৰাজোৱাৰ, চৰাইদেউ জিলাৰ ফৰিদুল হাজৰিকা, শৰৎ কুৰ্মী, বিশ্বজিৎ দাস আৰু বিকাশ তাঁতী।

আটকাধীন জুৱাৰী কেইজনৰ পৰা মোবাইল সাতটা, নগদ ১৯৭৪০ টকা আৰু AS 03 Z 0815 নম্বৰৰ এখন ৰেদিগ' বাহন জব্দ কৰে আৰক্ষীয়ে।

ইফালে চফ্ৰাই আৰক্ষীয়ে এজন জুৱাৰী ৰাজু মুণ্ডাক এৰি দিলে বুলি মৰিয়নিৰ স্বয়ং জুৱাৰী সুৰেণ চাহুৱে বিস্ফোৰক ভাবে সদৰি কৰিছে এই কথা।
 

Category
Profile picture for user UB Photos