পুনৰ দুজন আলফালৈ, কেৰালালৈ যাওঁ বুলি পালে আলফাৰ ম্যানমাৰ শিবিৰ!

ULFA Join

১৮ এপ্ৰিলত পুনৰ দুই যুৱক নৰেন মেচ আৰু পংকজ গগৈয়ে যোগদান কৰে। নৰেন মেচৰ ঘৰ যোৰহাটত আৰু পংকজ গগৈ আছিল নাহৰকটীয়াৰ। 

নাহৰকটীয়া নে-খাম বাঁহধাৰী গাঁও নিৱাসী পৱিত্ৰ গগৈ আৰু অনিতা গগৈৰ একমাত্ৰ পুত্ৰ পংকজ গগৈয়ে যোৱা ৪ মাৰ্চৰ দিনা কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈ  ১৮ এপ্ৰিলৰ দিনা আলফাৰ (ULFA-I) ম্যানমাৰ শিবিৰত উপস্থিত হৈ আলফা স্বাধীনত যোগদান কৰা তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।

জানিব পৰা মতে, ৬ এপ্ৰিলৰ দিনা পংকজে পত্নীক ফোন কৰি কেৰালাতে কাম কৰি থকাৰ কথা অৱগত কৰিছিল। ৬ এপ্ৰিলৰ দিনা শেষবাৰৰ বাবে পত্নী উদ্দীপনা গগৈৰ লগত ফোনত কথা পতাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱা হ'ল পংকজৰ।

৬ এপ্ৰিলৰ দিনা ফোনত পত্নীয়ে বিহুৰ বজাৰ কৰিবলৈ খৰচ বিচৰাত পত্নীৰ সৈতে ফোনতে কিছু বাক বিতণ্ডা হয় পংকজৰ। তাৰ পিছত আৰু যোগাযোগ বিচ্ছিন্ন হৈছিল তেওঁৰ। আনকি বিহুৰ দিনাও পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰা নাছিল পংকজ গগৈয়ে।

উল্লেখ্য় যে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি পংকজৰ দুৰ্ভগীয়া মাতৃয়ে কয়, ''মোৰ ল'ৰা ঘূৰাই দিয়ক, নহ'লে তাক মাৰি পেলাওক। মাতৃৰ বুকু উদং কৰি ইমান সৰু সৰু ল'ৰাবোৰক আলফালৈ নিছে, মোৰ পুত্ৰকো লৈ গ'ল, আপোনাৰো সন্তান আছে, আপোনাৰ সন্তানক এনেদৰে যাবলৈ দিবনে?''

মনকৰিবলগীয়া যে আলফালৈ গমন কৰা পংকজ গগৈ যকৃৎ ৰোগত আক্ৰান্ত হোৱাৰ ফলত কিছু বছৰ আগতে  তেওঁৰ অস্ত্ৰোপচাৰো সম্পন্ন হৈ গৈছিল। এনে পৰিস্থিতিত যুৱকজন আলফালৈ গমন কৰাত আৰু অধিক চিন্তিত হৈ পৰিছে তেওঁৰ পৰিয়ালটো।

Category
Profile picture for user UB Photos