১৫ কোটি টকাৰ গাঁজা-চিগাৰেট সংকোষ নদীৰ পাৰত দাহ কৰিলে আৰক্ষীয়ে!

Ganja

শ্ৰীৰামপুৰত জব্দ কৰা ১৫ কোটি টকাৰ গাঁজা-চিগাৰেট অসম-বংগ সীমান্তৰ সংকোষ নদীৰ পাৰত দাহ।

অসমৰ দুৱাৰ স্বৰূপ শ্ৰীৰামপুৰত বিগত সময়চোৱাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১৫ কোটিৰোধিক টকাৰ গাঁজা আৰু বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰত অভিযান চলাই জব্দ কৰা নিষিদ্ধ ঘোষিত এই গাঁজা আৰু চিগাৰেট আজি অসম- বংগ সীমান্তৱৰ্তী সংকোষ নদীৰ পাৰত জ্বলাই দিয়ে। পৰিৱেশ নষ্ট নোহোৱাকৈ কটকটীয়া নিৰাপত্তাৰ মাজত এই সামগ্ৰী সমূহ জ্বলাই দিয়া হয়।

ganja

উল্লেখ্য় যে, ১৪৬ পেকেট গাঁজা আৰু ৬৩ পেকেট বিদেশী চিগাৰেট জব্দ কৰিছিল আৰক্ষীয়ে। উক্ত অনুষ্ঠানত বিটিআৰৰ আই জি পি এল. আৰ বিঞ্চনয়, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ,উপ আৰক্ষী অধীক্ষক আৰু শ্ৰীৰামপুৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰায় উপস্থিত থাকে।
 

Category
Profile picture for user UB Photos