অসমত অৰেঞ্জ এলাৰ্ট, আগন্তুক ৪ দিনলৈ অসমত হ'ব নেৰানেপেৰা বৰষুণ...

Orange alert for Assam and Meghalaya

অসমত হ'ব নেৰানেপেৰা বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৪ দিনলৈ অসমত হ'ব নেৰানেপেৰা বৰষুণ। অসমৰ লগতে মেঘালয় আৰু উত্তৰ-পূবৰ ছিকিম, অৰুণাচল প্ৰদেশত হ'ব প্ৰচণ্ড বৃষ্টিপাত।

 

বংগোপসাগৰৰ পৰা বলা দক্ষিণ-পশ্চিম বতাহে উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰৱেশ কৰাৰ বাবেই বৃষ্টিপাতৰ আশংকা কৰা হৈছে অসমত। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৃষ্টিপাত আৰু গাজনি ঢেৰেকনিৰ আশংকা কৰা হৈছে। শনিবাৰৰ পৰা সোমবাৰলৈকে অসমত সেমেকা বতৰ, বৰষুণৰ হোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

Category
Profile picture for user UB Photos