শ্ৰীলংকাত বুভুক্ষা, জীয়াই থকাৰ তাড়নাত চিঞৰিছে সাধাৰণ জনতাই...

India supplies rice, diesel to Sri Lanka

অৰ্থনৈতিক সংকটত ভুগিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকা। দ্বীপৰাষ্ট্ৰখনত শনিবাৰে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাই। দেশখনত অৰ্থনৈতিক সংকট হোৱাৰ বাবে দেশৰ জনতাই ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগৰ দাবীৰে তেখেতৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কৰাৰ পিছতেই জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। 

 

উল্লেখ্য যে, সমগ্ৰ ৰাষ্ট্ৰতে প্ৰতিবাদৰ আহ্বান জনাইছে নাগৰিকসকলে। আমদানিকৃত সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰয়োজনীয় অৰ্থ বহন কৰিব নোৱাৰাৰ বাবে শ্ৰীলংকাত বিভিন্ন সামগ্ৰীৰ লগতে ইন্ধনৰ সংকট হৈছে। দেওবাৰে, নাগৰিকসকলে শ্ৰীলংকাত আহ্বান জনোৱা পৰিকল্পিত চৰকাৰ বিৰোধী সমদলৰ পূৰ্বেই শ্ৰীলংকা চৰকাৰে শনিবাৰে দেশখনত ৩৬ ঘণ্টাৰ সান্ধ্য আইন জাৰি কৰে। শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা সোমবাৰে (৪ এপ্ৰিল) পুৱা ৬ বজালৈকে কাৰ্যকৰী হ'ব সান্ধ্য আইন।ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্সাই সান্ধ্য আইন জাৰি কৰাৰ পাছত সাধাৰণ নাগৰিকসকলে প্ৰতিবাদী সমদলত অংশগ্ৰহণৰ পৰা বিৰত থাকিব লাগিব।

শ্ৰীলংকাৰ সংকটত কি অৱদান আগবঢ়াব ভাৰতে?

ভাৰতে ৪০,০০০টন চাউল শ্ৰীলংকালৈ ৰপ্তানি কৰিব। শ্ৰীলংকাক খাদ্য, ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিবৰ বাবে ১ বিলিয়ন ডলাৰ মূল্যৰ ঋণ ৰেখা(Line of Credit) সম্প্ৰসাৰিত কৰিছে ভাৰতে। বিগত ৫০ দিনত দ্বীপৰাষ্ট্ৰখনলৈ ২০০,০০০ মেট্ৰিক টন ইন্ধন যোগান ধৰিছে ভাৰতে। শক্তি সংকটৰ সৈতে মোকাবিলা কৰিবলৈ শনিবাৰে ভাৰতে শ্ৰীলংকালৈ ৪০,০০০ মেট্ৰিক টন ডিজেলৰো যোগান ধৰিছে। 

 

উল্লেখ্য য, ক'ভিড-১৯ মহামাৰীৰ পিছতেই পৰ্যটন খণ্ডৰ পতন হোৱাৰ পিছৰে পৰাই শ্ৰীলংকাৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰিছে।

Category