ইছলামধৰ্মী লোকৰ বাবে মছজিদ নিৰ্মাণ কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে হিন্দুধৰ্মী লোকে…

Islamic

হিন্দু-মুছলমানক লৈ সমাজত বিভাজনৰ ৰাজনীতি চলি থকাৰ মাজতেই বৰপেটাৰ সৰুক্ষেত্ৰীৰ বেলবাৰী গাঁওবাসীয়ে সমাজৰ আগত দাঙি ধৰিছে হিন্দু মুছলমানৰ সম্প্ৰীতি আৰু একতাৰ উৎকৃষ্ট নিদৰ্শন ৷

বৰপেটাৰ সৰুক্ষেত্ৰীৰ বেলবাৰী গাঁৱত থকা খিলঞ্জীয়া লোকসকলে ইছলামধৰ্মী লোকৰ বাবে গাওঁখনত নিৰ্মাণ কৰে এটা মছজিদ ৷ বেলবাৰী গাঁৱত নিৰ্মাণ কৰা জামে মছজিদটো ১ এপ্ৰিল, শুকুৰবাৰে ক্কাৰী চৈয়দ চামছুল হকে আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ মছজিদটোৰ উদ্বোধনী অনুষ্ঠানত মছজিদ নিৰ্মাণ সমিতিয়ে অঞ্চলটোৰ মুছলমান লোকসকলৰ লগতে ধন্যবাদ জনায় হিন্দু ধৰ্মাৱলম্বী অসমীয়া লোকসকলক৷ মছজিদ সমিতিয়ে কয় যে, ‘অসমীয়া লোকসকলৰ সহায় সহযোগ অবিহনে হয়তো এয়া সম্ভৱ নহ’লহেতেন’৷  অঞ্চলটোৰ ইছলামধৰ্মী লোকসকলৰ লগতে মছজিদ মুকলি অনুষ্ঠানত বহু হিন্দু ধৰ্মাৱলম্বী অসমীয়া লোকেও অংশগ্ৰহণ কৰে।

ধৰ্মক লৈ সৃষ্টি হোৱা ভেদাভেদ আৰু মতানৈক্যৰ মাজতে বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ বেলবাৰী গাঁৱৰ হিন্দু-মুছলমান লোকে দেখুওৱা আদৰ্শ আমাৰ সমাজৰ বাবে হৈ ৰওক আদৰ্শস্বৰূপ ৷

Category
Profile picture for user UB Photos