গুপ্তাংগত উপৰ্যুপৰি আঘাত কৰি নিজ পত্নীক নৃশংসভাৱে হত্যা কৰিলে মৰিয়নীৰ এইজন যুৱকে

crime

মৰিয়নী নকছাৰীত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিছাৰ বিলবস্তিৰ লক্ষীৰাম কৰ্মকাৰ নামৰ এজন লোকে মঙলবাৰে নিশা পত্নী চম্বাৰী কৰ্মকাৰত অকথ্য শাৰিৰীক নিৰ্যাতন চলাই হত্যা কৰে।

পত্নীক দাঁৰে উপৰ্যুপৰি আঘাত কৰাৰ লগতে গোপন অংগতো লাঠিৰে আঘাত কৰে।

স্বামী লক্ষীৰাম কৰ্মকাৰে পত্নীক হত্যা কৰি মৃতদেহটো পুতিবৰ বাবে যো-জা কৰাৰ পাছতে স্থানীয় লোকসকলে লক্ষীৰামৰ অস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত দেবেৰাপাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত স্বামীক আটক কৰে।

উল্লেখযোগ্য যে, অভিযুক্ত হত্যাকাৰী স্বামীয়ে দীৰ্ঘদিনৰ পৰা পত্নীক মদ্যপান কৰি আহি নিৰ্যাতন চলাই আহিছিল বুলি অঞ্চলটোৰ লোকসকলে অভিযোগ কৰে।

Category
Profile picture for user UB Photos