চিটি চেন্টাৰৰ সমিপত শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু!

accident

মঙলবাৰে চিটি চেণ্টাৰ শ্বপিং মলৰ সন্মুখৰ সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হয়।

মৃত ব্যক্তিজন গুৱাহাটীৰ বাসিন্দা দ্বিজেন বৈশ্য বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰঅনুসৰি, পানীৰ টেংকৰ বাহনখন পূৰ্ণ গতিত মানুহজনৰ ওপৰেৰে যোৱাৰ ফলত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

পানীৰ টেংকৰ বাহনখনৰ চালকজন নিচাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে। পিছত সেই স্থানত সমবেত হোৱা ৰাইজে বাহনখনৰ চালকজনক উত্তম মাধ্য়ম দিয়ে।

Category
Profile picture for user UB Photos