কৰ্কট ৰোগীৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্মাণ হ’ব অত্যাধুনিক সা-সুবিধাসম্পন্ন কৰ্কট চিকিৎসালয়…

cancer hospital

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। আজি সদনত উত্থাপিত হ’ল ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট।

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰৰ অন্যতম প্ৰয়াস। বাজেটত দাখিল কৰা হ’ল কেইবাটাও গুৰুত্বৰপূৰ্ণ প্ৰস্তাৱ…

◼️১০খন কৰ্কট চিকিৎসালয়ৰ নিৰ্মাণ অব্যাহত

◼️ডিব্রুগড়, বৰপেটা, লখিমপুৰ, তেজপুৰ, যোৰহাট, মঙলদৈ, কোকৰাঝাৰত মে’ মাহৰ ভিতৰত কাৰ্যক্ষম হ’ব চিকিৎসালয়

◼️শিলচৰ, গুৱাহাটীত অক্টোবৰৰ ভিতৰত কাৰ্যক্ষম হ’ব কৰ্কট চিকিৎসালয়

◼️২০২৩ বৰ্ষৰ মে’ মাহত সম্পূৰ্ণ হ’ব ডিফু কৰ্কট চিকিৎসালয়

◼️টাটা ন্যাসৰ সৈতে বুজাবুজি চুক্তি অনুসৰি ৭ খন কৰ্কট চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্ত

◼️গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট প্রতিষ্ঠানত ৰ’বটিক অস্ত্রোপ্ৰচাৰ গোট স্থাপনৰ প্রস্তাৱ

◼️অসমৰ প্রতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্য

◼️শিৱসাগৰ, কৰিমগঞ্জ, গোৱালাপাৰাত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্রস্তাৱ

Category
Profile picture for user UB Photos