‘অতদিনে হেঁচা মাৰি থোৱা সত্যৰ বহিঃপ্ৰকাশ হৈছে’-‘কাশ্মীৰ ফাইলছ’ক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য…

anupam kher

‘কাশ্মীৰ ফাইলছ’:বৰ্তমান সকলোৰে মাজত চৰ্চিত আৰু পৰিচিত এখন চিনেমা। বিবেক অগ্নিহোট্ৰীয়ে পৰিচালনা কৰা এই চিনেমাখনে তোলপাৰ লগাইছে চিনেমা জগতত, সমগ্ৰ দেশত। কাশ্মীৰ বিদ্ৰোহৰ সময়ত কাশ্মীৰী হিন্দুসকলে দেশত্যাগ কৰাৰ লগতে যি গণহত্যাৰ বলি হৈছিল, সেই ক’লা অধ্যায়ক লৈ নিৰ্মাণ কৰা হৈছে এই চিনেমাখন।

কাশ্মীৰী হিন্দুৰ দুখ জৰ্জৰিত কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনৰ প্ৰশংসা কৰি মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘এনেকুৱা আৰু চিনেমা নিৰ্মাণ কৰিব লাগে, যাতে সকলোৱে প্ৰকৃত সত্যৰ বিষয়ে গম পায়’।

anupam kher

‘কাশ্মীৰ ফাইলছ’ চিনেমাখনৰ দৰেই ১৯৭৫ চনৰ জৰুৰী অৱস্থা, দেশ বিভাজনৰ সঁচা ঘটনাক সাঙুৰি আৰু চিনেমা নিৰ্মাণৰ কথা বিজেপি সংসদীয় দলৰ বৈঠকত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে ইতিহাস সাঙুৰি নিৰ্মিত কাশ্মীৰ ফাইলছ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘যিসকল লোকে সদায় মত প্ৰকাশৰ স্বাধীনতাৰ পতাকা উত্তোলন কৰে, তেওঁলোকে তথ্যৰ ওপৰত পৰ্যালোচনা কৰি আছে, এই চিনেমাখনক বদনাম কৰিবলৈ প্ৰচাৰ চলাই আছে’।

 

উল্লেখ্য যে, এই চিনেমাখনে দৰ্শকৰ হৃদয়ত সাঁচ বহোৱাবলৈ সক্ষম হৈছে। চিনেমাখনত প্ৰদৰ্শিত কাহিনীক লৈ বহুতেই প্ৰশংসা কৰাৰ লগতে অৱশ্যে বহুতেই সমালোচনাও কৰা পৰিলক্ষিত হৈছে। তথাপি সঁচা ঘটনাৰ ওপৰত নিৰ্মিত ‘কাশ্মীৰ ফাইলছে’ সকলো সমালোচনাকো অতিক্ৰমি মুক্তিলাভ কৰাৰ পঞ্চম দিনটোত ২৭.১৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনকি ভাৰতৰ বহুকেইখন বিজেপি শাসিত ৰাজ্যত কোনো ৰাজহ সংগ্ৰহ নকৰাকৈয়ে দৰ্শকে ‘কাশ্মীৰ ফাইলছ’ চিনেমাখন চোৱাৰ সুবিধা কৰিছে চৰকাৰে।

thekash

১২ মাৰ্চৰ দিনটোত চিনেমাখনৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰী, অভিনেত্ৰী পল্লৱী যোশী, প্ৰযোজক অভিষেক আগৰৱালে সাক্ষাত কৰে প্ৰধানমন্ত্ৰীগৰাকীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিনেমাখনৰ প্ৰশংসা কৰাৰ লগতে সকলোকে অভবাদন জ্ঞাপন কৰে।

Category
Profile picture for user UB Photos