লকডাউনৰ গইনা লৈ ১২খনকৈ স্থানীয় ৰেল'!

train

লকডাউনৰ গইনালৈ ১২খনকৈ স্থানীয় ৰেলৰ চলাচল বন্ধ

ট্ৰেইনৰ সংখ্যা বঢ়া বা কমালৈ অসমৰ সাংসদ বিধায়কৰ আহৰি নাই। ৰাইজৰ বাবে ভাল দিন বা উন্নত জীৱন যাপনৰ সপোন দেখুৱাই সাংসদ বিধায়কৰ পদ লবলৈ গৈ যদি মালিগাৱৰ NFR HQ লৈ আহি সমস্যাৰ সমাধান নিবিচাৰে তেন্তে তেখেতসকলক সচা অৰ্থত  ৰাইজৰ প্ৰতিনিধি বুলি মানি লব পাৰিনে?

শাসক বিৰোধী কোনোৱেই ৰেল ব্যৱস্থাক লৈ সচেতন নহয়। কিন্তু সামগ্ৰিকভাৱে লোকেল ট্ৰেইন মানেই একপ্ৰকাৰ থলুৱা মানুহৰ কৰ্মসংস্থাপন তাকেলৈ সোচ্চাৰ হোৱা দেখা নগ'ল জাতীয়তাবাদী সংগঠন সমূহক। অনা অসমীয়াৰ হাতত থকা বহু কাম থলুৱা মানুহে সহজে কৰি পৰিয়াল পুহিব পাৰিলেহেঁতেন যদিহে নিত্য ব্যৱহাৰত লোকেল ট্ৰেইন পালেহেঁতেন।

ট্ৰেইনসমূহ বাতিল কৰি অসমৰ জনগণক ষ্টপেজ উঠাই দি চলি থকা ট্ৰেইন খনত উঠাৰ মুদা মাৰি থলুৱা লোকসকলক ভাতেমৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। চৌতাৰাৰ ফুলৰ বাগানৰ পৰা ফুল কঢ়িয়াবলৈ চিফুঙক এক্সপ্ৰেছ কৰি ষ্টপেজ উঠাই দিয়া হ'ল। পৰিশ্ৰমৰ ফচল বেচিব কেনেকৈ?

মানুহক উপাৰ্জনৰ পথ দিয়া ট্ৰেইন সন্দৰ্ভত এনে বহু সমস্যাক লৈ ৰাজ্য চৰকাৰৰ লগতে সাংসদ বিধায়কৰ নিৰ্লিপ্ত ভূমিকাই বাৰুকৈয়ে কু প্ৰভাৱ পেলাইছে।পুৰণি ট্ৰেইনসমূহ ঘূৰাই দিয়ক। যথোচিত পদক্ষেপ লওঁক। দহৰ উপকাৰ হলে মনত বৰ আনন্দ আহে এই আহ্বান উত্তৰ পূব ৰেলযাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাৰ।

আনহাতে এইক্ষেত্ৰত ছাত্ৰ সন্থাৰ লগতে চিপিআইএমৰ নেতৃবৃন্দই তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। 

Category
Profile picture for user UB Photos