নিবনুৱাৰ বাবে ভালখবৰ! ৬০ লাখ চাকৰি সৃষ্টিৰ লক্ষ্য চৰকাৰৰ

Union Budget

আজি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট।

আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰৰ কেন্দ্ৰীয় বাজেট বিশেষ ভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। সেইদৰে কৰোনা মহামাৰীৰ পিছত দেশৰ বিত্তীয় ব্যৱস্থা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা সমাধানৰ বাবে বাজেটত বিশেষ ভাবে কিছু উল্লেখ থাকিব বুলি আশা কৰিছে সকলোৱে।

বাজটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, চৰকাৰৰ পৰৱৰ্তী লক্ষ্য ৬০ লাখ নতুন চাকৰি সৃষ্টি কৰা। 'পিএম গতিশক্তিয়ে অৰ্থনৈতিক বিকাশৰ বাবে কাম কৰি আছে। আৰু আমাৰ যুৱশক্তিয়ে ইয়াৰ ফলত অধিক সংস্থাপনৰ সুযোগ পাব।'

বিত্তমন্ত্ৰীৰ মতে, কেন্দ্ৰীয় চৰকাৰে এতিয়া যুৱক, মহিলা আৰু দৰিদ্ৰ লোকৰ দক্ষতা বিকাশৰ বাবে লক্ষ্য বান্ধিছে। ইফালে এইবাৰৰ বাজেটৰ জৰিয়তে দেশক যাতে বিশ্বৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ দিশে লৈ যাব পাৰি সেই লক্ষ্য আগত ৰখা হৈছে।

ইফালে দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৯.২ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ৬০ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি মেক ইন ইণ্ডিয়াৰ অধীনত হব। 

Category
Profile picture for user UB Photos