যোৱা ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ এটা দলে ছাত্ৰনেতা কীৰ্তিকমল বৰাক কৰা এনকাউণ্টাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নগাঁও আৱৰ্ত ভৱনত ২৮ জানুৱাৰীৰ উপস্থিত হ'ব ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ।
উল্লেখ্য় যে, ছাত্ৰনেতা কীৰ্তিকমল বৰাক এণ্টি নাৰ্কটিক স্কোৱাডৰ বিষয়া প্ৰদীপ বণিয়াই এনকাউণ্টাৰ কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়।
বিৰোধী ৰাজনৈতিক দল তথা জাতীয়তাবাদী দল-সংগঠনে নগাঁৱৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছে।
অহা ২৮ জানুৱাৰীত তদন্ত কমিটীয়ে বিয়লি ২ বজাৰ পৰা ৪ বজালৈ প্ৰথম শুনানি গ্ৰহণ কৰিব।
আনহাতে, গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰা বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থান আছে।
- Log in to post comments