প্ৰসংগ: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পত্তিৰ তালিকা। নীতিশ কুমাৰ আৰু তেখেতৰ পুত্ৰ নিশান্ত কুমাৰৰ সম্পত্তিৰ চৰ্চা এতিয়া সৰ্বত্ৰে। মুঠ ৭৫.৩৬ লাখৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি আছে মুখ্যমন্ত্ৰীগৰাকীৰ। তাৰ পৰিৱৰ্তে তেখেতৰ পুত্ৰৰ আছে পাঁচগুণ অধিক সম্পত্তি।
৩১ ডিচেম্বৰত বিহাৰ চৰকাৰৰ ৱেবছাইটত আপলোড কৰা তথ্য অনুসৰি, নীতিশ কুমাৰৰ নগদ ২৯,৩৮৫ টকা আৰু বেংক একাউণ্টত আছে ৪২,৭৬৩ টকা। কিন্তু তেখেতৰ পুত্ৰৰ নগদ আছে ১৬,৫৪৯ টকা আৰু কেইবাটাও বেংক একাউণ্টত মুঠ ১.২৮ কোটি টকা।
নীতিশ কুমাৰৰ ১৬.৫১ টকাৰ স্থাৱৰ সম্পত্তি আৰু ৫৮.৮৫ টকাৰ অস্থাৱৰ সম্পত্তি আছে। আনহাতে, তেখেতৰ পুত্ৰৰ ১.৬৩ কোটিৰ স্থাৱৰ আৰু ১.৯৮ কোটিৰ অস্থাৱৰ সম্পত্তি আছে।
দিল্লীৰ দ্বাৰকা নগৰত বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা ফ্লেট থকাৰ বিপৰীতে তেখেতৰ পুত্ৰৰ কল্যাণ বিঘা, হকিকতপুৰ, কনকৰবাঘত কৃষিভূমি আৰু নিজা বাসগৃহ আছে।
উল্লেখ্য যে, বছৰৰ অন্তিম দিনটোত নিজৰ সম্পত্তিৰ খতিয়ান দিয়াটো বাধ্যতামূলক কৰি দিছিল নীতিশ কুমাৰ চৰকাৰে। সেয়েহে ২০২১ বৰ্ষৰ ৩১ ডিচেম্বৰত এই সম্পত্তিৰ তালিকা আপলোড কৰা হৈছিল ৱেবছাইটত।
- Log in to post comments