Nishanta Kumar

প্ৰসংগ: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পত্তিৰ তালিকা। নীতিশ কুমাৰ আৰু তেখেতৰ পুত্ৰ নিশান্ত কুমাৰৰ সম্পত্তিৰ চৰ্চা এতিয়া সৰ্বত্ৰে। মুঠ ৭৫.৩৬ লাখৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি আছে মুখ্যমন্ত্ৰীগৰাকীৰ। তাৰ পৰিৱৰ্তে তেখেতৰ পুত্ৰৰ আছে পাঁচগুণ অধিক সম্পত্তি।

৩১ ডিচেম্বৰত বিহাৰ চৰকাৰৰ ৱেবছাইটত আপলোড কৰা তথ্য অনুসৰি, নীতিশ কুমাৰৰ নগদ ২৯,৩৮৫ টকা আৰু বেংক একাউণ্টত আছে ৪২,৭৬৩ টকা। কিন্তু তেখেতৰ পুত্ৰৰ নগদ আছে ১৬,৫৪৯ টকা আৰু কেইবাটাও বেংক একাউণ্টত মুঠ ১.২৮ কোটি টকা।