JOB MELAৰ নামত এনে বিসংগতি সহ্য নকৰে চৰকাৰে! দক্ষতা, নিয়োগ বিভাগৰ দুগৰাকী বিষয়াক কৰা হ'ল নিলম্বন

job mela

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল চাকৰিৰ মেলা। কিন্তু এই জবমেলাত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হয়। শিক্ষিত নিবনুৱাক চৰকাৰে নিয়োগ মেলাৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল সৰ্বত্ৰ। ছচিয়েল মিডিয়াতো ব্যাপক ভাবে সমালোচিত হয় ৰাজ্য চৰকাৰৰ এই জবমেলা।

এতিয়া এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে।  জবমেলাত হোৱা বিসংগতিৰ বাবে নিলম্বিত হ'ল দুজনকৈ বিষয়া। নিলম্বিত হ'ল দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ যুটীয়া সঞ্চালক টি ডংগেল আৰু সহকাৰী সঞ্চালিকা লিপিকা দত্ত। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নিৰ্দেশত নিলম্বিত হয় দুয়োগৰাকী বিষয়া।
 

উল্লেখ্য যে,  চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনত উল্লেখ নাছিল চাকৰি প্ৰদান কৰিবলগীয়া প্ৰতিষ্ঠানৰ নাম।  নাছিল কোনো পদৰ তালিকা। চৰকাৰী বিভাগ নে ব্যক্তিগত প্ৰতিষ্ঠানে চাকৰি প্ৰদান কৰিব আনকি সেয়াও স্পষ্টকৈ উল্লেখ নাছিল।

বিজ্ঞাপনত উল্লেখ কৰা মতে, নিবনুৱাসকলক দুখন বায়ডাটা লগত লৈ আহিবলৈ কোৱা হৈছিল। কিন্তু বহু প্ৰতিষ্ঠানে নিবনুৱাসকলৰ বায়়ডাটা ফিল্ডতে পেলাই থৈ যায়। বহুতে আকৌ পেলাই দিয়ে ডাষ্টবিনত। যিবোৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

 

Category
Profile picture for user UB Photos