District Employment Exchange

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল চাকৰিৰ মেলা। কিন্তু এই জবমেলাত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হয়। শিক্ষিত নিবনুৱাক চৰকাৰে নিয়োগ মেলাৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল সৰ্বত্ৰ। ছচিয়েল মিডিয়াতো ব্যাপক ভাবে সমালোচিত হয় ৰাজ্য চৰকাৰৰ এই জবমেলা।

এতিয়া এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে।  জবমেলাত হোৱা বিসংগতিৰ বাবে নিলম্বিত হ'ল দুজনকৈ বিষয়া। নিলম্বিত হ'ল দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ যুটীয়া সঞ্চালক টি ডংগেল আৰু সহকাৰী সঞ্চালিকা লিপিকা দত্ত। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নিৰ্দেশত নিলম্বিত হয় দুয়োগৰাকী বিষয়া।