লুধিয়ানা আদালতৰ সমিপত ভয়াবহ বিস্ফোৰণ, ২জন নিহত ৪জন আহত

Ludhiana Court Blast

আজি আবেলি লুধিয়ানা জিলা আদালতত এটা উচ্চ তীব্ৰতাৰ বিস্ফোৰণে জোকাৰি যায়।

বিস্ফোৰণটো জিলা আদালতৰ ন নম্বৰ ভৱনৰ দ্বিতীয় মহলাত সংঘটিত হয়।

বিস্ফোৰণৰ শব্দ শুনাৰ লগে লগে মানুহৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় আৰু ভৱনটোৰ পৰা ওলাই যাবলৈ আৰম্ভ কৰে।

প্ৰাথমিক সূত্ৰঅনুসৰি, বিস্ফোৰণৰ শব্দ আদালত চৌহদৰ ৰেকৰ্ড ৰুমৰ ওচৰত শুনা গৈছিল। বিস্ফোৰণটোত দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু আন কেইবাজনো লোক আহত হোৱাৰ আশংকা কৰা হৈছে।

বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি লুধিয়ানা আৰক্ষী আয়ুক্তই কয় যে বিস্ফোৰণটো আদালত চৌহদৰ দ্বিতীয় মহলাত সংঘটিত হয়। বোমা নিষ্কাশনকাৰী দল আৰু চণ্ডিগড়ৰ ফৰেনচিক দলে বৰ্তমান বিস্ফোৰণটোৰ তদন্ত কৰি আছে।

আৰক্ষী আয়ুক্তজনে লোকসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনাইছে আৰু আতংকিত নহ'বলৈ আহ্বান জনাইছে কিয়নো পদদলিত হোৱা ঘটনাৰ ফলত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

আনহাতে, আহতসকলক তাৎক্ষণিক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। 

Category
Profile picture for user UB Photos