সুঠাম চেহেৰাৰ হাঁহিমুখীয়া মানুহজন গ’লগৈ, মানৱ দৰদী আৰক্ষী বিষয়া মস্কো শইকীয়াৰ মৃত্যুত শোকৰ ছাঁ

Darrnag Police's Officer in charge Moscow Saikia is no more

হাঁহিমুখীয়া মুখেৰে এজন সুঠাম ব্যক্তি। খোলা মনৰ অধিকাৰী, মানৱ দৰদী আৰক্ষী বিষয়া মস্কো শইকীয়াৰ নাম বহুতৰে বাবে চিনাকী। ব্যক্তিত্বই যাৰ পৰিচয়। মানুহজনক এবাৰ দেখিলে সহজতে পাহৰিব নোৱাৰে কোনোৱে।

কিন্তু সকলোৰে লগত মিলি-জুলি, সকলোকে মৰম দি ভাল পোৱা মানুহজন আৰু নাই। সকলোকে কন্দুৱাই শনিবাৰে তেওঁ গ'লগৈ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটিলে আৰক্ষী বিষয়া মস্কো শইকীয়াই। GMCHত মৃত্যু আৰক্ষী বিষয়াগৰাকীৰ।

মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল মস্কো শইকীয়া। শনিবাৰে নিশা হঠাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত আৰক্ষী বিষয়াগৰাকীক GMCHলৈ লৈ অহা হয় যদিও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

শইকীয়াৰ মৃত্যুত এতিয়া দৰঙত শোকৰ ছাঁ। সুদক্ষ সৰবৰহী, সংস্কৃতিবান, এজন মানৱ দৰদী আৰক্ষী বিষয়া আছিল মস্কো শইকীয়া৷ তেখেতৰ মৃত্যুত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰকাশ কৰিছে শোক।

Category
Profile picture for user UB Photos