প্ৰেমৰ আকাৰ দিলে বিক-কেটে! ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে দুয়োৰে প্ৰথম ফটো

Vick Kat Wedding

অপেক্ষাৰ অন্ত! প্ৰেমৰ আকাৰ দিলে কেটৰিনা কাইফ আৰু বিকি কৌশলে। আনুষ্ঠানিকভাৱে এতিয়া দুয়ো স্বামী-স্ত্ৰীলৈ পৰ্যবসিত হ'ল। 

kat vicky

বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়াক লৈ চলিছিল তীব্ৰ চৰ্চা। অৱশেষত ৰাজকীয় বিবাহখনক লৈ কৌতূহলীসকলৰ বাবে দুয়োগৰাকীয়ে দিলে বৈবাহিক সম্পৰ্কৰ বতৰা।

বিকি আৰু কেটৰিনাই  নিজেই বহু প্ৰতীক্ষিত ফটোকেইখন সামাজিক মাধ্যমত পোষ্ট কৰিলে।

বিকিয়ে পোষ্টটোত লিখিছে, "এক সুন্দৰ মুহূৰ্তত আমাক একত্ৰিত কৰা বাবে সকলোৰে যথেষ্ট আশীৰ্বাদ আৰু মৰম আছে। আমি এটা নতুন যাত্ৰা আৰম্ভ কৰিলোঁ। গতিকে মই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰো।''

 

স্বামী বিকি কৌশলৰ দৰে একেখিনি কথাই কেটৰিনায়ো তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰিছে।

vicky n kat wed

ৰাজস্থানৰ ৰাজকীয় ছিক্স ছেন্সেচ দুৰ্গত বিয়া হ’ল বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কেটিৰনা কাইফ আৰু অভিনেতা বিকি কৌশলৰ। এই বিয়াখনত অতিথিৰূপে উপস্থিত আছিল মাত্ৰ ১২০ গৰাকী লোক।  কেটৰিনা আৰু বিকিৰ বিয়াৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল।

Category
Profile picture for user UB Photos