ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিল কেপ্টেইন বৰুণ সিং

Captain Varun Singh

দেশক স্তব্ধ কৰি তোলা এটা দুৰ্ঘটনা। এটা শোকাৱহ দুৰ্ঘটনা। দেশৰ প্ৰতিৰক্ষাৰ গধুৰভাৰ যিজনে নিজৰ কান্ধত বহন কৰি ফুৰিছিল তেৱেঁই হেৰাই গ’ল এই দুৰ্ঘটনাত। দেশৰ চীফ অব্ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হ’ল দুৰ্ঘটনাত।

নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়িলে সকলোৰে। ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ বিমান MI-17V5। পত্নী সহিতে ঘনঘোৰ জংঘলত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাবাহিনীৰ মুখ্য(CDS) বিপিন ৰাৱট।

উল্লেখ্য যে, ১৪ জন যাত্ৰী কঢ়িয়াই নিছিল ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমান MI-17V5 হেলিকপ্টাৰখনে। তামিলনাডুৰ চুলুৰৰ সেনা বাহিনীৰ কেম্পৰ পৰা উৰা মৰা MI চিৰিজৰ হেলিকপ্টাৰখন তামিলনাডুৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হয়। বুধবাৰে দুপৰীয়া ১২.২০ বজাত তামিলনাডুৰ নীলগিৰি পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় এই হেলিকপ্টাৰখন।

যাত্ৰাকালত বিমানখনত মুঠ ১৪জন লোক আছিল তাৰ ভিতৰত কেৱল কেপ্টেইন বৰুণ সিঙক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু আন সকলো লোকৰে মৃত্যু হৈছে ৷ ভাৰতীয় বায়ু সেনাই লগতে কয় যে, জিপি কেপ্টেইন বৰুণ সিং হৈছে দুৰ্ভাগ্যজনক ঘটনাটোত একমাত্ৰ জীৱিত ব্যক্তি।

তেওঁ বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ৱেলিংটনৰ মিলিটাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে। মৃতসকলৰ ভিতৰত আছে ৰাৱাটৰ প্ৰতিৰক্ষা সহায়ক ব্ৰিগেডিয়াৰ এল এছ লিডাৰ আৰু তেওঁৰ কৰ্মচাৰী বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং আৰু আন বিষয়াসকল। ৰাছিয়ান মূলৰ এমআই-১৭ ভি ৫ হেলিকপ্টাৰত হেলিকপ্টাৰৰ কৰ্মচাৰীসহ ১৪ জন লোক আছিল। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ ইতিমধ্যে বায়ু সেনাই তদন্তৰ নিৰ্দেশ দিছে৷

Category
Profile picture for user UB Photos