তিনিদিনৰ মূৰত ধনশিৰিৰ বুকুত উদ্ধাৰ হ’ল ৰক্তিম বৰুৱাৰ মৃতদেহ

Deadbody Found

তিনিদিনৰ মূৰত উদ্ধাৰ হ’ল গোলাঘাটৰ থুৰামুখত ধনশিৰিৰ বুকুত নিখোজ হোৱা NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ।

বনভোজ খাবলৈ আহি ধনশিৰি নদীত সন্ধানহীন হোৱা নুমলীগড়ৰ তেল শোধনাগাৰৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহৰ আজি পুৱা সন্ধান ওলাল ৷ আজি চতুৰ্থ দিনা ধনশিৰি নদীত স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰে ৰক্তিম বৰুৱাৰ মৃতদেহ।

দেওবাৰৰ পৰা DDRF য়ে অভিযান চলাই সন্ধান নোপোৱাত দেওবাৰে SDRF আৰু গুৱাহাটীৰ পৰা অহা NDRF জোৱানে চাৰিখন নাও আৰু স্থানীয় লোকৰ এখন নাৱে পুৱাৰে পৰা বহু চেষ্টা কৰিও অভিযন্তাজনৰ সন্ধান উলিয়াব নোৱাৰি সন্ধিয়া অভিযান সামৰিবলগা হৈছিল ৷

ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ হাঁহচৰা নামৰ স্থানত উদ্ধাৰ লোকজনৰ মৃতদেহ। পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে বৰুৱা মৃতদেহ আৰু লগে লগেই খবৰ দিয়ে আৰক্ষীক।

গোলাঘাট জিলাৰ থুৰামুখৰ ধনশিৰি নৈৰ পাৰত দেওবাৰে বনভোজ খাই অভিয়ন্তা গৰাকীৰ কণমানি কণ্যা আৰু পুত্ৰই খেলি থকা বলটো নদীৰ পানীৰ দিশে যাওতে শিশু দুটাই পানীৰ পৰা বলটো আনিবলৈ যোৱাত শিশু দুটি উটি যায় ৷ স্থানীয় এজন কিশোৰে শিশুদুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অন্যহাতে শিশু দুটিক উদ্ধাৰৰ বাবে যাওতে নদীৰ পানীৰ গভীৰতাত নিখোজ হৈছিল অভিযন্তাগৰাকী।

Category
Profile picture for user UB Photos