গাৰ ৰং ক’লা, বিয়াৰ আগতে অন্তঃসত্বা, বিচ্ছেদ, সকলো প্ৰত্যাহ্বান নেওচি সফল হোৱা এগৰাকী অভিনেত্ৰী; তেওঁ কংকনা সেন শৰ্মা

Konkona sen sharma

এগৰাকী সফল অভিনেত্ৰী তেওঁ, নিজৰ অভিনয়ৰ জৰিয়তে সকলোৰে মন মোহিবলৈ সক্ষম অভিনেত্ৰী কংকনা সেন শৰ্মাৰ আজি জন্মদিন।

আজি ৪২বছৰ বয়সত ভৰি দিলে অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ সাফল্য় বহুতেই দেখিছে কিন্তু এই সাফল্য়ৰ আৰৰ কাহিনীৰ বিষয়ে বহুলোক জ্ঞাত নহয়।

জন্মচহৰ কলকাতাৰ সীমা অতিক্ৰম কৰি মায়ানগৰীত নিজৰ পৰিচয় সদম্ভে তুলি ধৰা অভিনেত্ৰীগৰাকীৰ নাম কংকনা সেন শৰ্মা। 

konkona

অপৰ্ণা আৰু মুকুল শৰ্মাৰ জীয়ৰী কংকনাৰ জন্ম হৈছিল ১৯৭৯ চনত। কলকাতাৰ এখন ব্যক্তিগত বিদ্যালয়ত পঢ়ি দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা কংকনাই ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে।

কংকনাই 'পেজ ৩', 'ওমকাৰা', 'লাইফ ইন এ মেট্ৰ', 'ৱেক আপ চিড', 'আজা নচ লে', 'লাক বাই চান্স', 'লগা চুনৰি মে দাগ'ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছে। বলীউডৰ ভিন্ন ধাৰাৰ ছবিৰ পৰা বাণিজ্যিক চলচ্চিত্ৰলৈকে- কংকনা সকলোতে সফল এগৰাকী অভিনেত্ৰী। 

konkona2

'আজা নাচ লে’ ছবিত কাম কৰাৰ সময়তে কংকনাই অভিনেতা ৰণবীৰ শোৰেক লগ পাইছিল। ক্ৰমান্বয়ে বন্ধুত্ব আৰু প্ৰেম। বিয়াৰ পূৰ্বে লিভ ইনত থকা কংকনা গৰ্ভৱতী হৈছিল। সমাজৰ কটু কথা এৰাই চলিবলৈ সেই বছৰতে অৰ্থাৎ ২০১০ চনত দুয়ো বিবাহ পাশত আৱদ্ধ হয়। তাৰকা দম্পতীহালে তেওঁলোকৰ পুত্ৰ হাৰুণৰ সৈতে গোটেই জীৱন একেলগে থাকিব বুলি প্ৰতিশ্ৰুতিৱদ্ধ হয়।

konkona3

কিন্তু সময় বৰ আচৰিত। নিয়তিক কোনেও বাধা দিব নোৱাৰে, সকলো সলনি হয়। মানসিকতাও। বুজাবুজিৰ অভাৱ হোৱাও দেখা যায়। বিবাহৰ পাঁচ বছৰৰ পিছত একেখন ছাদৰ তলত নথকাৰ সিদ্ধান্ত লয় ৰণবীৰ-কংকনাই। ২০২০ চনৰ আগষ্টত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

konkona 4

কিন্তু প্ৰাক্তন দম্পতীহালে পুত্ৰ হাৰুণৰ বাবে নতুন নিয়মৰ অধীনত দুয়োজন শিল্পীয়ে আক্ষৰিক ভাৱে নিজৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আকৌ একেলগে থাকিবলৈ লয়। তেওঁলোকৰ সিদ্ধান্ত হৈছে ১০বছৰীয়া সন্তানটোৱে যাতে পিতৃ-মাতৃৰ অভাৱ অনুভৱ নকৰে। তেওঁলোকে সন্তানৰ বাবে ওচৰা-ওচৰিকৈ ঘৰো কিনিছে। বিচ্ছেদ হ’লেও প্ৰাক্তন স্বামীৰে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে কংকনাই।

family

দেশৰ প্ৰতিগৰাকী চলচ্চিত্ৰ সমালোচকে এগৰাকী অভিনেত্ৰী হিচাপে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছিল। কিন্তু এইগৰাকী কংকনাকো পৰিচালকে কেৱল গাৰ ৰঙৰ বাবে একাধিকবাৰ ৰিজেক্ট কৰিছিল। অভিনেত্ৰীগৰাকীয়ে একাধিকবাৰ প্ৰত্যাখ্যানৰ সন্মুখীন হোৱা স্বত্বেও কেতিয়াওঁ বলীউড এৰি দিয়া নাই।

konkona 5

কিন্তু পৰৱৰ্তী সময়ত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰে কংকনাই। আজি তেওঁ এগৰাকী সফল অভিনেত্ৰী, এগৰাকী সফল পৰিচালক। তেওঁ এগৰাকী সফল মাতৃ আৰু কন্যাও। আজি তেওঁৰ জন্মদিন। জীৱনযুজত নাভাগৰি, সংগ্ৰামৰ জৰিয়তে আন বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰোৱা কংকনালৈ আমিও জনাইছো জন্মদিনৰ অলেখ শুভকামনা। 

Category