দ্বিতীয় দিনাও মহানগৰীৰ ৰাজপথত নামিল জিলা পৰিবহণ বিষয়া ৷ হাতে হাতে ৰঙা গোলাপ লৈ ৰাজপথত ঘূৰিছে পৰিবহন বিষয়া ৷
হেলমেট পৰিধান কৰা বাইক চালকক জিলা পৰিবহণ বিষয়াই প্ৰদান কৰিছে ৰঙা গোলাপ ৷ বিপৰীতে নিয়ম নমনা চালক-আৰোহীক বিহিলে জৰিমনা ৷
উল্লেখযোগ্য যে ১ ডিচেম্বৰৰ পৰা বাইকত দুজন উঠিলে চালক-আৰোহী দুয়োগৰাকীয়ে হেলমেট পিন্ধাৰ নিয়ম কাৰ্যকৰী হৈছে। নিয়ম ভংগ কৰিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা। সেয়েহে বুধবাৰৰ পৰাই মহানগৰীত পৰিবহণ বিভাগে চলাইছে অভিযান। নিয়ম পালন কৰাসকলক গোলাপ ফুল উপহাৰ দিয়াৰ বিপৰীতে নিয়ম নমনাসকলক বিহিছে জৰিমনা।
যান-বাহন নিয়মৰ ক্ষেত্ৰত কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কঠোৰ হৈছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে দুগুণ উৎসাহী এতিয়া পৰিবহণ বিভাগ ৷ যাৰ বাবে দ্বিতীয় দিনাও অভিযানত নামিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ ৷
অৱশ্যে, দ্বিতীয় দিনৰ পৰিৱেশ কিছু সুকীয়া ৷ প্ৰথম দিনৰ তুলনাত দ্বিতীয় দিনা অধিকসংখ্যক লোকে এই নিয়ম পালন কৰা পৰিলক্ষিত হ’ল। পিছে, তাৰসমানে একাংশ লোকে এতিয়াও পালন কৰা নাই এই নিয়ম।
- Log in to post comments