অৱশেষত অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত কলাগুণ্ডাৰ মৃত্যু; কেনেকৈ মৃত্যু হ'ল মূল অভিযুক্ত ক'লা ল'ৰাৰ?

Niraj Das Encountered

‘সকলো কাৰ্যৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে।’ ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ এটা টুইটে আজি বিশেষ চৰ্চা লাভ কৰিছে।

যোৰহাটৰ অনিমেষ বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ লওঁতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ পাছতে এই টুইট কৰে জি পি সিঙে।

এজন তেজোদ্বীপ্ত যুৱকক নৃশংসভাৱে মৰিয়াই হত্যা কৰিছিল একাংশ পৈশাচিক প্ৰবৃত্তিৰ লোকে। অপৰাধ প্ৰৱণতাৰে বিষাক্ত মন-মানসিকতাৰ একাংশ লোকৰ হাতত প্ৰাণ হেৰুৱালে অনিমেষ ভূঞা নামৰ যুৱকজনে।প্ৰত্যক্ষদৰ্শীয়ে দিয়া বিৱৰণ অনুসৰি ঘটনাৰ দিনা দুৰ্ভগীয়া অনিমেষে তেওঁৰ আন দুজন বন্ধু মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ সৈতে যোৰহাটলৈ বজাৰ কৰিবলৈ আহিছিল।

যোৰাহাটক ঠাকুৰবাৰী অঞ্চলত সংঘটিত এই ঘটনাক লৈ সমগ্ৰ ৰাজ্য বুৰ গৈছিল শোক সাগৰত।

মনকৰিবলগীয়া যে, যোৰহাটবাসীৰ বাবে এটা আতংকৰ নাম হৈ পৰিছিল নীৰজ দাস। তেওঁৰ বিৰুদ্ধে ৯০টাকৈ গোচৰ ৰুজু হৈ থকা বুলিও জানিব পৰা গৈছে।

কিন্তু নীৰজ দাসৰ দৰে অপৰাধীৰ বাবে নিয়তিয়ে যেন নিজেই নিৰ্ধাৰণ কৰিলে শাস্তি। যোৱা নিশা আৰক্ষীৰ গাড়ীৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ আনখন গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ক'লা গুণ্ডাক JMCHত 'BROUGHT DEAD' ঘোষণা কৰা হয় চিকিৎসকৰ। দুৰ্ঘটনাত আন তিনিজন আৰক্ষী বিষয়াও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে। অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ মূল নায়ক আছিল এই ক'লা ল'ৰা।

আৰক্ষীৰ তদন্তত ক'লা ল'ৰা দাসে এক বৃহৎ ড্ৰাগছৰ ঘাটিৰ সম্ভেদ দিম বুলি আৰক্ষীক অৱগত কৰে তাৰ পাছতেই আৰক্ষীয়েও ক'লা ল'ৰা দাসক লগত লৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।

এই অভিযানৰ কাল চোৱাত আৰক্ষীক মিছা তথ্য দি গাড়ীৰ পৰা জপিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই দুৰ্ঘটনাত পতিত হয় গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় ক'লা ল'ৰা নীৰজ দাস।

অসমৰ অগণিত লোকে এই নৃশংস অপৰাধীজনৰ মৃত্যু কামনা কৰি বিগত দিনকেইটাত কৰি অহা প্ৰাৰ্থনা যেন শুনিলে নিয়তিয়ে। অনিমেষৰ হাঁহিভৰা মুখখন আৰু সপ্ৰতিভ চেহেৰাটো হেৰাই গ’ল, বহু সপোনৰ জ্যোতি নিৰ্বাপিত হৈ গ’ল কিন্তু নীৰজ দাসৰ দৰে অপৰাধী সমাজৰ কলংকৰ চিন হৈ ৰৈ গ‘ল এইকথা যেন সহ্য নহ’ল নিয়তিৰো।

animesh bhuyan

সেইবাবে নিয়তিৰ নিদানতে যেন সমাজৰ পৰা নিঃশেষ হ’ল এটা ভয়ংকৰ মহামাৰীৰ! মৃত্যুৱে কাকো সুখী নকৰে কিন্তু সকাহ কেনেকৈ দিব পাৰে সেয়া যেন আজি সকলোৱে অনুভৱ কৰিলে।

Category
Profile picture for user UB Photos