মাজুলী-যোৰহাট সংযোগী দলং, দীৰ্ঘদিনীয়া প্ৰতিবাদ; অন্ততঃ খুঁটা এটা হ’ল!

Jorhat Majuli Bridge

মাজুলীবাসীৰ এক দীৰ্ঘদিনীয়া সপোন আজি বাস্তৱৰ দিশে! 

মাজুলীৰ সপোন, অসমবাসীৰ বাবে এক আৱেগস্বৰূপ। দলঙখনৰ নিৰ্মাণৰ কাম আজি শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

যোৰহাট-মাজুলী দলং নিৰ্মাণক লৈ দীৰ্ঘদিনীয়া প্ৰতিবাদ, আলোচনাৰ অন্তত আজি আগবাঢ়িছে নিৰ্মাণৰ কাম ৷

আধাৰশিলা স্থাপন অনুষ্ঠানৰ পিছত মূখ্য়মন্ত্ৰী শৰ্মাই ৰাইজক সম্বোধন কৰি কয় যে এতিয়া নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব পাৰে আৰু ২০২৫ চনৰ নৱেম্বৰৰ ভিতৰত মাজুলী-যোৰহাট দলং সম্পূৰ্ণ হ'ব।

bridge

মন কৰিবলগীয়া যে, এই মাহৰ আৰম্ভণিতে শৰ্মাই মাজুলীৰ লোকসকলক আশ্বাস দিছিল যে দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ নৱেম্বৰত আৰম্ভ হ'ব। তেওঁ কৈছিল যে প্ৰথম পাইল ফাউণ্ডেচনটো ৩০ নৱেম্বৰত স্থাপন কৰা হ'ব আৰু কোনো অপ্ৰত্যাশিত বাধাৰ বাহিৰে, প্ৰকল্পটো চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে।

"মই প্ৰতিশ্ৰুতি দিছো যে এই দলংখনৰ নিৰ্মাণ ২০২৫ চনৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু এই সময়সীমাৰ কথা মনত ৰাখি কাম কৰা হ'ব। মই সকলোকে তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছো আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তেওঁৰ সহায়ৰ বাবে ধন্যবাদ জনাইছো," শৰ্মাই লগতে কয়।

উল্লেখ্য় যে, মাজুলী-যোৰহাট সংযোগী দলংখনৰ আনুমানিক ব্যয় হ'ব ৯২৬ কোটি টকা আৰু এই নিৰ্মাণ উত্তৰ প্ৰদেশ ৰাজ্যিক দলং নিগমে সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos